Product Summery
Author: Hector Garcia
paperback
₹ 325
₹ 325
"ইকিগাই যাত্রা" গ্রন্থই আমাক আমাৰ আকাংক্ষা আৰু উদ্দেশ্যৰ যাত্রালৈ আহ্বান জনায়। এই যাত্রাত আমি ভ্রমণ কৰিবলগীয়া ষ্টেশ্যনবোৰ: • ভৱিষ্যতৰ কল্পনা- ভৱিষ্যতে আমি কি লাভ কৰিব পাৰোঁ? আমি আমাৰ লক্ষ্য কেনেকৈ নিৰ্ধাৰণ কৰিব পাৰোঁ? বিলম্ব আৰু বিভ্রান্তি নোহোৱাকৈ কি কি আহিলা আৰু পন্থাই আমাক সেই লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিব? • অতীতৰ পৰা শিক্ষা- অতীতৰ ভাল অথবা বেয়া দুয়োটা অভিজ্ঞতা আৰু সিদ্ধান্তৰ পৰা আমি কি শিক্ষা আহৰণ কৰিব পাৰোঁ? আমি আমাৰ অভিজ্ঞতাক কেনেকৈ উদ্দীপ্ত কৰিব পাৰোঁ- যিয়ে আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ পথ আলোকিত কৰে? • বর্তমানত জীয়াই থকা- জীৱনৰ প্রতিটো ক্ষণ সুখেৰে আৰু পূর্ণতাৰে জীয়াই থাকিবলৈ হ'লে বর্তমানত আমি কি কৰিব লাগিব? "ইকিগাই যাত্রা” ই আমাৰ নিৰ্ধাৰিত গন্তব্যস্থানত উপনীত হোৱাৰ ব্যৱহাৰিক অনুশীলনৰ সৈতে ৩৫টা ভিন্ন মার্গ দেখুৱাইছে। এই যাত্রাকালত এই গ্রন্থই আমাৰ অন্তর্নিহিত সুখ আৰু কল্যাণ ভাবনাক প্রতিপালন আৰু বহন কৰে।